কবি, সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ ভাষাত থাকে সমাজ জীৱনৰ আশা । এই আশাৰ পম খেদি আজীৱন গীতালী বৰুৱাৰ সাধনা । ইতিমধ্যে গল্প, উপন্যাস, কবিতা সকলোতে অবাধ বিচৰণ ঘটিছে তেওঁৰ ।ঐতিহ্যমণ্ডিত অঞ্চলটোৰ অভিজাত বাতাবৰণ তেওঁৰ সৃষ্টিত প্ৰতিভাত । সেয়েহে গীতালী বৰুৱাই ৰজাৰ কথা জানে , প্ৰজাৰ কথাও ক'ব পাৰে ।এই প্ৰবন্ধ সংকলনত আৱদ্ধ হৈছে বুৰঞ্জীৰ কথা, উন্মোচিত হৈছে অলিখিত ইতিহাস, লিপিবদ্ধ হৈছে অসমৰ সম্পদৰ কথা । গীতালী বৰুৱাৰ আপোচবিহীন অনুসন্ধান আৰু বিশ্লেষণেৰে ৰচিত কেউটা প্ৰবন্ধত খহাই অনা সম্পদৰ অতীত গৰিমা পুনৰবাৰ বৰ্ণোৱা হৈছে । ইয়াৰ ফলত ভৱিষ্যত প্ৰজন্মৰ বাবে এই গ্ৰন্থ প্ৰয়োজনীয় হ'ব । ৰজা-মহাৰজা-জমিদাৰ-শিল্পীৰ মেটমৰা সম্পদৰাজিৰে উজলি আছে উক্ত অঞ্চলৰ ভূমি । সেইবোৰ বুটলি গীতালী বৰুৱাই কষ্টসাধ্য উপহাৰ দিছে অসমীয়া সাহিত্যৰ এই অনন্য সংযোজন, এই গ্ৰন্থ । অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক গল্পকাৰ গীতালী বৰুৱাৰ শব্দত থাকে জাতিৰ স্বাভিমান , আৰু স্বাভিমানত সাধনাৰ সন্ধান লেখিকাৰ প্ৰথম চৰ্ত ।       ( প্ৰকাশক)
কাব্যপন্যাস সংকলন

Photo Gallery

Facebook Like

About Us

I’m an open minded woman I like simple, respectable, lovable, creative friendship. I don’t like chatting for chatting’s shak. I don’t like to infiltrate into anyone’s privacy. I like to use FB as a media 2 make friendship, to know about friends’ innovative, innocently funny and creative ideas which I want to share with others. I am a housewife, a mother who takes on management of her entire household and family business affairs. I am a writer too and so far I have the following published books in this website.